বৃহস্পতিবার, ৬ জানুয়ারী, ২০২২

শীঘ্ৰে বজাৰলৈ আহি আছে ৭ আসনৰ কাৰ Kia Carens, বুকিং ডেট আৰু ফিচাৰৰ বিষয়ে জনালে কোম্পানীয়ে

 


Carens হৈছে ভাৰতৰ  Kia মটৰ্ছৰ চতুৰ্থ প্ৰডাক্ট। এই নতুন মডেল শীঘ্ৰে বজাৰলৈ আহিব। Kia মটৰ্ছ ইণ্ডিয়াই Carensৰ বিষয়ে বিৱৰণ প্ৰকাশ কৰি আহিছে। বজাৰত অহাৰ পূৰ্বেই কৌতূহল সৃষ্টি কৰা ৭ ছীটৰ SUV Kia Carensৰ বিষয়ে সামান্য পৰিচিতি জানি লওক।Kia Carensৰ এক্সটেৰিয়ৰ হাই-টেক ষ্টাইলিঙৰ। ভিতৰৰ লুকো যথেষ্ট আকৰ্ষণীয়। ইয়াত আগৰ দৰে Kiaৰ ইউনিক টাইগাৰ ফেচ ডিজাইন, হাইলাইট কৰা ইনটেক গ্ৰিল, এল ই ডি হেডলেম্প আৰু ডে-টাইম ৰানিং লাইটছ (DRL) লগোৱা হৈছে।

Kia Carensত আছে ৩৬০ ডিগ্ৰীৰ কেমেৰা, ওয়াৰলেছ ফোন ছাৰ্জিং, মাল্টিপল এয়াৰবেগৰ দৰে সুবিধা। লগতে, ১০.২৫ ইঞ্চিৰ অডিঅ' ভিডিঅ' নেভিগেশ্বন টেলিমেটিক্স (AVNT) ডেছ বোৰ্ডৰ মাজত ৰখা হয়, যিয়ে মডাৰ্ন টাচ্চ দিয়ে।কোম্পানীটোৱে এতিয়া Kia Carensৰ ৱৰ্ল্ড প্ৰিমিয়াৰ কৰিছে। কিন্তু এতিয়ালৈকে মূল্যৰ বিষয়ে কোনো আনুষ্ঠানিক তথ্য দিয়া নাই। সম্ভাব্য মূল্য ১৫ৰ পৰা ২০ লাখ টকালৈকে হ'ব পাৰে।

Kia মটৰ্ছে বৃহস্পতিবাৰে কয় যে জানুৱাৰীৰ মাজভাগৰ পৰা Kia Carens SUVৰ বুকিং আৰম্ভ হ'ব। কিয়া ইণ্ডিয়াই ভাৰতীয় বজাৰত ইয়াৰ চতুৰ্থ আৰু প্ৰথম ৭ আসনৰ গাড়ী Kia Carensৰ প্ৰথম আভাস দিছিল। কোম্পানীটোৰ ভাৰতীয় বজাৰত ইয়াৰ প্ৰথম থ্ৰী-ৰোৰ ৭ আসনৰ গাড়ী থাকিব।

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন